পৃষ্ঠা:Kirtan Ghosha.pdf/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ৮] প্ৰাদ-চৰিত্ৰ 1 জটাৰ দীপিতি দেখন্তে ত্ৰাস। প্ৰলয় সূৰ্যৰ যেন প্ৰকাশ॥ ৮৩ ব্ৰহ্মাক চিস্তিয়া আছে মনত বহি গৈল দিব্য বৰিষ শত। ঢাকিল তনু উই মাটি তুলি। শৰীৰৰ মাংস খাইলে সমূলি॥ ৮৪ গাজিল তাক কি বেৰু-ঝাৰ। তথাপি কটাক্ষ নাহিকে তাৰ। শিৰৰ বন্ধুি বঝায় তপোময়। তাৰ তাপে ভৈল জগতে ভয়॥ ৮৫ সঘনে ভূমি কম্পে নিৰন্তৰ। খলকিল জল সাত সাগৰ। সঞ্চাৰে তাৰা গ্ৰহ অসংখ্যাত। দশোদিশে ভৈল উলুকাপাত॥ ৮৬ হেন দেখি ভৈল ত্ৰিদশে ত্ৰাস। স্বৰ্গ এড়ি গৈল ব্ৰহ্মাৰ পাশ | কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে। বোলা হৰি হৰি সমস্ত নৰে৷ ৮৭ পা ৮৫৪-অপোষয়—তমোয় লেখিশুপোয়ঃ॥—ভাগৱত ৭৪ - জালে