পৃষ্ঠা:Kirtan Ghosha.pdf/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


board কীৰ্ত্তন-ঘোখা নৱম কীৰ্তন ঘোষা। কৃষ্ণ যদুপতি। ৰামে মোৰ গতি।৯ পদ। ব্ৰহ্মাক প্ৰণামি বুলিলন্ত দেৱ-ঝাক। সৃষ্টি নষ্ট হোৱে কেনে নৰখা আমাক। দৈত্যেন্দ্ৰৰ দেখি ঘোৰ তপৰ দীপিতি। স্বৰ্গত থাকিবে কাৰ বাপৰ শকতি॥ ৮৮ ব্ৰহ্মপদ তোমাৰ কৰিবে চাৱে ছয়। ভিন্ন সৃষ্টি কৰিবাক দৈত্যৰ যতন। হেন জানি বিধি কৰিয়েক প্ৰতিকাৰ। যাৱে নতু নষ্ট হোৱে সমস্ত সংসাৰ॥ ৮৯ হেন জানি ব্ৰহ্মা লড়ি গৈল হংস-যানে। তপ কৰি আছে দৈত্যপতি যিটো থানে। তপৰ মহিমা দেখি তৈলন্ত বিস্ময়। বেলন্ত উঠিয়ো আৱে কশ্যপ-তনয়॥ ৯০ শৰীৰৰ মাংস খাইলেক তোৰ উই। তথাপি আৰাধ মোক এক চিত্ত হুই। হেন তপ কৰা নাহিকে সংসাৰত। যেহি লাগে বৰ আৱে লৈয়ো অভিমত। ৯১