পৃষ্ঠা:Kirtan Ghosha.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
৮৭
প্ৰহ্লাদ-চৰিত্ৰ

এহি বুলি ব্ৰহ্মা জলে কৰিলন্ত শান্তি।
ভৈল অঙ্গ পূৰ্ণ তপ্ত সুৱৰ্ণৰ কান্তি।
বজ্ৰ-সম সুদৃঢ় তৰুণ কলেৱৰ।
উঠিল মাটিৰপৰা পাছে দৈত্যেশ্বৰ॥ ৯২
ব্ৰহ্মাক দেখিল হংস-যানে আছে চড়ি।
মিলিল আনন্দ প্ৰণামিল পাৱে পড়ি॥
হৰিষে লোতক পড়ে ৰোমাঞ্চিত গাৱে।
কৰিল অনেক তুতি-নতি নম্ৰভাৱে॥ ৯৩
বিধাতাক বোলে যদি মোক দিবা বৰ।
তুমি স্ৰজি আছা যত প্ৰাণী নিৰন্তৰ॥
কাতো হন্তে নুহিবেক মোহোৰ মৰণ।
ত্ৰৈলোক্যৰ লোকে লৌক আমাত শৰণ॥ ৯৪
নমৰিবো ৰাত্ৰিত দিনত মৃত্যু নৌক।
অস্ত্ৰে-শস্ত্ৰে মাৰিবাক নৱাৰোক মোক॥
মিলোক মহিমা মোৰ তোমাৰ সমান।
দিয়ো এহি বৰ ব্ৰহ্মা নমাগোহো আন॥ ৯৫
ব্ৰহ্মায়ে বোলন্ত হাসি শুনা দৈত্যেশ্বৰ।
যদ্যপি দুৰ্ল্লভ বাপ ইটো মহাবৰ॥
তথাপিতো দিলো বৰ বাঞ্ছা হৌক সিদ্ধি।
এহি বুলি নিজ স্থানে চলি গৈলা বিধি॥ ৯৬