এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫০
[ঘোষা ৮০৬
নাম-ঘোষা
ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
জোনো মোক তুমি দাস পৰিহৰা হৰি।
ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ
লৈয়োক তোমাৰ ভৃতৰ অধীন কৰি॥ ৮০৬
তোমাৰ নামৰ মহিমা দেখিয়া এ
আন যত কাম দূৰতে তেজিয়া থৈলো।
তযু পদ-সেৱা-ৰসক আশায় এ
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো॥ ৮০৭
সহজ-কৃপালু-গুণক প্ৰকাশি এ
ধৰি আছা হৰি ভকত-বৎসল নাম।
ধেনু যেনমতে বৎসক পালয় এ
তুমি সেহিমতে ভকতক পালা ৰাম॥ ৮০৮
আমি যত জীৱ তোমাৰ পালন
হৰি হৰি হৰি হৰি এ
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্যামী।
আৱে যেৱে নিজ ভৃত্য বুলি পালা
হৰি হৰি হৰি হৰি এ
তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি।৷ ৮০৯
পা ৮০৭॥ নামৰ—গুণৰ।
৮০৯।৷ যেৱে•••••••••পালা—নিজ ভৃত্য কৈয়ো লৈয়ো হৰি।