পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৮১২ ]
৮৫১
কাকুতি

তুমি যাক পালা সিওজন আমি
হৰি হৰি হৰি হৰি এ
সংসাৰ-নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
তোমাৰ অধীন হুয়া কেনে আমি
হৰি হৰি হৰি হৰি এ
ভৈলোহো স্বতন্ত্ৰ ইটো কিনো অদভুত॥ ৮১০

তোমাক পৰম ঈশ্বৰ নমানি
হৰি হৰি হৰি হৰি এ
মহাঅহঙ্কাৰে দ্ৰোহ আচৰিলো আমি।
আৱে তযু পদে শৰণ পশিলো
হৰি হৰি হৰি হৰি এ
মই দ্ৰোহিয়াৰ দোষ ক্ষমা কৰা স্বামী॥ ৮১১

দাস হুয়া তযু সেৱা নকৰিলো
হৰি হৰি হৰি হৰি এ
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।
তুমি পুনু প্ৰভু সহজ-কৃপালু
হৰি হৰি হৰি হৰি এ
শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই॥ ৮১২


পা* ৮১১॥ তোমাক....নামানি-তোমাৰ গুণৰ মহিমা দেখিয়া।