এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭৭০
৮৪৩
কাৰুণ্য
দুগুটি অক্ষৰ ৰাম-নাম
শ্ৰীৰাম-নাম অমিয়া-মধুৰি ফুৰে।
আতি সুকোমল পৰম মস
সৱে মনোৰথ পূৰে।৷ ৭৬৬
জয় জয় নিত্য নিৰঞ্জন
নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন।
পৰম অভয় তোমাৰ চণ
তাপ-তিনি-বিনাশন।৷ ৭৬৭
দায়াশীল দেৱ দামোদৰ তুমি দীন-জন-বন্ধু
পতিত-পাৱন তুমি কৃপাময়
কেৱল কৰুণা-সিন্ধু॥ ৭৬৮
হৰি হৰি হৰি হৰি এ হৰি হৰি হৰি হৰি
তুমি কৃপাময় দীন-দুখ-বিনাশন।
ভৃত্য-ভয়-হাৰী জানিয়া তোমাৰ
চৰণে লৈলো শৰণ।৷ ৭৬৯
হে কৃষ্ণ দীন-দায়াশীল দীন-দায়াশীল
দায়া নছাড়িবা মোক,
অজ্ঞান-তিমিৰ নাশিয়া বিজ্ঞান
প্ৰদীপ প্ৰভু দিয়োক।৷ ৭৭০