পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪৪
[ঘোষা ৭৭১
নাম-ঘোষা

ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি।
অচিন্ত্য অনন্ত  সুখেৰ সাগৰ
 কৃষ্ণৰ পদ-ভকতি।৷ ৭৭১
হে প্ৰাণ-প্ৰভু কৃষ্ণদেৰ প্ৰাণ কৃষ্ণ দেৱ
দীনক কবিয়ো দায়া
পৰম তাপিতে মাগোহো তোমাৰ
শীতল চৰণ-ছায়া॥ ৭৭২
প্ৰাণ প্ৰিয়তম যদুদেৱ
দিয়ো মোক এহি দান
কৰায়ো তোহ্মাৰ  চৰণ-সেৱাৰ
 সন্তোষে অমিয়া-পান।৷ ৭৭৩
নমো ৰাম কৃষ্ণ সদাশিৱ
সদাশিৱ কৃষ্ণ তুমি জগতৰ পতি।
অপায়-ৰহিত  মাগোহো ভকতি
 চৰণে কৰি প্ৰণতি॥ ৭৭৪
জগত-গুৰু নাৰায়ণ  জগত-গুৰু নাৰায়ণ
মোৰ প্ৰভু ৰামকৃষ্ণ ৰাম
হৰি তো হৰি নাম কৃষ্ণ হৰি ৰাম॥ ৭৭৫
ৰাম-কৃষ্ণ নিৰঞ্জন  ৰামকৃষ্ণ নিৰঞ্জন,
 দীনবন্ধু নাৰায়ণ এ
তুমিতো প্ৰভু অগতিৰ গতি।৷ ৭৭৬