পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭৭০
৮৪৩
কাৰুণ্য

দুগুটি অক্ষৰ ৰাম-নাম
শ্ৰীৰাম-নাম অমিয়া-মধুৰি ফুৰে।
আতি সুকোমল  পৰম মস
সৱে মনোৰথ পূৰে।৷ ৭৬৬

জয় জয় নিত্য নিৰঞ্জন
নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন।
পৰম অভয়  তোমাৰ চণ
 তাপ-তিনি-বিনাশন।৷ ৭৬৭

দায়াশীল দেৱ দামোদৰ তুমি দীন-জন-বন্ধু
পতিত-পাৱন  তুমি কৃপাময়
কেৱল কৰুণা-সিন্ধু॥ ৭৬৮

হৰি হৰি হৰি হৰি এ  হৰি হৰি হৰি হৰি
 তুমি কৃপাময় দীন-দুখ-বিনাশন।
ভৃত্য-ভয়-হাৰী  জানিয়া তোমাৰ
 চৰণে লৈলো শৰণ।৷ ৭৬৯

হে কৃষ্ণ দীন-দায়াশীল  দীন-দায়াশীল
 দায়া নছাড়িবা মোক,
অজ্ঞান-তিমিৰ  নাশিয়া বিজ্ঞান
 প্ৰদীপ প্ৰভু দিয়োক।৷ ৭৭০