এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩৪
[ঘোষা ৭১৪
নাম-ঘোষা
মহিমা
হৰিত শৰণ লৈয়ো যিটোজন এ
হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰে।
দুৰ্ঘোৰ আপাৰ সংসাৰ-সাগৰ এ
সিটো মহাজনে আতি মহাসুখে তৰে॥ ৭১৪
ৰাম কৃষ্ণ নাম কৃষ্ণ বোল ভাই এ
পৰম যতনে তেজিয়ো যত অন্যায়।
তোমাক মই ভাণ্ডো তুমি মোক ভাণ্ডা এ
চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায়॥ ৭১৫
ভাৰতবৰিষ ধন্য কলিযুগ,
হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনা নৰ-তনু অনুপাম।
হৰিত একান্তে শৰণ পশিয়া
হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ধৰ্ম্ম-শিৰোমণি
ঘুষিয়ো হৰিৰ নাম॥ ৭১৬
আত্ম-উপদেশ
বিচাৰি দেখিয়ো পামৰ মনাই এ
ইহ পৰলোকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম।
মজিয়া ৰহস সুহৃদ মনাই এ
হৰি-গুণ-নাম অপাৰ আনন্দ-সিন্ধু ৰাম ৰাম॥৭১৭
পা ৭১৭। সুহৃদ—পৰম।