পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭২৪]
৮০৫
আত্ম-উপদেশ

নিচিন্তি আহস কেমনে মনাই এ
সুখেৰ সাগৰ হৰিত নকৰি ৰতি ৰাম ৰাম।
আলাস তেজিয়ো ভজিয়ো মনাই এ
ভৃত্য-ভয়-হাৰী হৰিসে পৰম গতি ৰাম ৰাম॥ ৭১৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ৰে পামৰ মন
ভুলিয়া কমনে পাপী মৰ।
যাৰ মায়া-পাশে বন্দী হুয়াছ পামৰ মন
তান দুই চৰণত ধৰ ৰে পামৰ মন
ভুলিয়া কমনে পাপী মৰ॥ ৭১৯
গোৱিন্দ বোল মনাই মুকুন্দ বোল মনাই
ব্ৰক্ষা হৰো যাত শৰণ পশয়
আনৰ কোন বৰাই॥ ৭২০
বিষয়-বিকলে নমৰ মন।
সদায় চিন্তিয়ো হৰি-চৰণ॥ ৭২১
নিগম-নিগূঢ় হৰিৰ নাম।
নলৈয়া মন কৰ কোন কাম॥ ৭২২
ভৱ-সিন্ধু-সেতু হৰি-চৰণ
যম-কাল-মায়া-দুখ-তাৰণ॥ ৭২৩
কপট আচাৰ তেজিয়া মন।
কেৱলে ভজিয়ো হৰি-চৰণ॥ ৭২৪


পা ৭২৪॥ কেৱলে ভজিয়ো—সদায়ে চিন্তিয়ো৷