পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭১৩
৮৩৩
উপদেশ

ৰাম কৃষ্ণ হৰি বুলিয়ো মুখে।
হৰি-পদে মন মজায়ো সুখে।৷ ৭০৫

ৰাম বুলি ফুৰা বাহু আছাড়ি।
কপটৰ মোট পেহ্লাইয়ো ফাড়ি।৷ ৭৬

ভজ ভগৱন্ত ভকতি-ভাৱে।
নাম লৈয়া গতি পতিতে পাৱে॥ ৭০৭

ৰাম-নামখানি ফুৰিয়ো গায়া।
কি কৰিবে পাৰে হৰিৰ মায়া॥ ৭৮

ৰাম-নামখানি লৈয়োক ডাটি।
হেলায়ে মাৰিয়ো যমেৰ ঘাটি।৷ ৭৯

মুখে ৰাম-নাম গাৱ।
মায়াৰ বাঝু মাৰিয়া যাৱ॥ ৭১

ৰাম-কৃষ্ণ-নাম জপ সঘনে।
হৰিৰ চৰণ নেড়িবা মনে।৷ ৭১১

ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা।
আশা-সমুদ্ৰৰ মন তোলা।৷ ৭১২

ৰাম কৃষ্ণ হৰি বুলিয়ো ঝাণ্টে।
মিলিবে মৰণ হাটে কি বাটে।৷৭১৩


 পা° ৭১০॥ বাঝু-বাযুয়া।