পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩২
[ঘোষা ৬৯৮
নাম-ঘোষা

নমস্কাৰ

দীন-বন্ধু ৰাম দায়াশীল দেৱ।
তুৱা পদ-কমল সদায়ে কৰো সেৱ।৷ ৬৯৮
মোৰ প্ৰভু ৰাম কৰুণা-সাগৰ।
আমি দুখিতক নছাড়িবা দামোদৰ।৷ ৬৯৯
মধুৰিপু ৰাম কমল-লোচন।
তুৱা গুণ-নামে ভৱ-ভয় বিমোচন।৷ ৭০০
বন্দে মাধৱ মধু-ৰিপু ৰাম।
তুৱা পদ-কমল-যুগল হৰি এ॥ ৭০১

উপদেশ

পিয়ো পিয়ো পিয়ো অমিয়া-মাধুৰী হৰি ৰাম ৰাম ৰাম।
দূৰতে তেজিয়া থৈয়ো আন যত মন-কাম ৰাম ৰাম ৰাম।৷ ৭০২
 ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই এ
  সকল নিগমে ওহি সাৰ।
 সুমৰিতে হৰি বশ্য হোৱে ভাই এ
  সুখে পাই ভৱ-নদী-পাৰ।৷ ৭০৩
 ভাল উপায় পাইলো ভাই ভাই এ
  ৰাম-নাম নিগম-ৰহস্য।
 এক-চিত্ত-মনে ভাব ভাই ভাই এ
  যাৰ নাম তাৰে কৰা বশ্য॥ ৭০৪