কৰ্ণাঞ্জলি পিয়া হৰি-চৰণ-অমৃত।
হৰিৰ নিকট পাৱে হোৱে কৃতকৃত্য॥ ৫২৭
মাধৱৰ নাম-গুণ কীৰ্ত্তন কৰিয়া।
হৰিক পাৱয় মুখে মায়াক তৰিয়া॥ ৫২৮
হৰি-গুণ-কীৰ্ত্তনত নাহি একো হানি।
শুনন্তে অমৃত স্ৰৱে ৰাম-কৃষ্ণ-বাণী॥ ৫২৯
যাৰ মুখে ৰাম-বাণী আসে সৰসৰি।
জানিবা নিশ্চয় তাত বশ্য ভৈল হৰি॥ ৫৩০
হৰি যাৰ বশ্য ভৈল তাৰ কিবা ৰৈল।
হৰিৰ কৃপাৰ পাত্ৰ সিসিজন ভৈল॥ ৫৩১
ৰাম কৃষ্ণ-নামৰ কল্লোল-ৰোল শুনি।
বেঙ্কামুৱা যম-দূত পলাৱে আপুনি॥ ৫৩২
প্ৰাৰ্থনা
হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ।
অণু এক কৰা দায়া মায়া হৌক দূৰ॥ ৫৩৩
জয় জয় কৃপাময় দেৱ যদুপতি।
তোমাৰ চৰণে মাগো অমূল্য ভকতি॥ ৫৩৪
৫২৭ ।৷ পিৱন্তি যে ভগৱত আত্মনঃ সতাং কথামৃতং শ্ৰৱণপুটেযু সম্ভৃতং।
পুনন্তি তে বিৱয়ৱিদূষিতাশয়ং ব্ৰজন্তি তচ্চৰণসৰোৰুহান্তিকম্।
৫২৯ ৷৷ যে পতান্ত্যৱনৌ গীত্বা কৰেৰ্নামানি গদ্গদাঃ৷
ভাৱন তেবাং গোৱিন্দঃ ক্ৰীতো নাৰদ নান্যথা ৷।
পা ৫২৭ ॥ মায়াক—মৃত্যুক।
৫৩৪ ৷৷ অমূল্য—সপ্ৰেম।