পৃষ্ঠা:Kirtan Ghosha.pdf/৮১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৫৪৪]
৭৯৩
নিৱেদন

হে হে পৰমানন্দ প্ৰভু কৃপা-সিন্ধু।
ভকতি-আনন্দ-ৰস মাগো এক বিন্দু॥ ৫৩৫
পতিত পড়িয়া ৰৈলো এ ভৱ-সাগৰে।
পতিত-পাৱন নাম ভৈল কিবা তৰে।৷ ৫৩৬
অৰুণ চৰণে মই পাপীক তাৰিয়ো।
পতিত-পাৱন নাম সাফল কৰিয়ো॥ ৫৩৭
আতুৰ ভৈলোহো হৰি বিষয়-বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ-কমলে॥ ৫৩৮
হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ।
তনু-নাৱ বুৰি আসে নাহিকে গিয়ান।৷৫৩৯
নাম-ধন দিয়া মোকে কিনা বনমালী।
দাস পাইয়া নলৱা কমন ঠাকুৰালি।৷ ৫৪০
নিজ দাস কৰি হৰি মোকে কিনা কিনা।
আন ধন নলাগয় নাম-ধন বিনা॥ ৫৪১
জয় জয় ৰাম কৃষ্ণ শৰণ তোহ্মাৰ।
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।৷ ৫৪২
দিয়ো দৰিশন পাৱে পশিলো শৰণ।
ভকতজনৰ ধন তুমি নাৰায়ণ।৷ ৫৪৩

নিবেদন

যাদৱ যাদৱ যাদৱ যাদৱ দেৱ।
তুমি বিনে সুহৃদ বান্ধৱ নাহি কেৱ॥ ৫৪৪