পৃষ্ঠা:Kirtan Ghosha.pdf/৮১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৫২৬]
৭৯১
মহিমা

হৰি-নামে যত পাপ সংহৰিতে পাৰে।
ততেক পাতকী পাপ কৰিতে নপাৰে।৷ ৫১৮
ৰাম-কৃষ্ণ গােপাল গোৱিন্দ যদুমণি।
ৰাম-কৃষ্ণ-নাম মহা পাপৰ অগনি।৷ ৫১৯
ৰাম-কৃষ্ণ-নামৰ মহিমা অদভুত।
নিকট চাপিয়া কি কৰিবে যম-দূত ॥ ৫২০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ।
ৰাম কৃষ্ণ বিনে ঝুটা আৱৰ বিচাৰ ॥ ৫২১
বাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ।
ভাবিতে পৰম সুখ ভয় নাহি আৰ॥ ৫২২
ৰাম-কৃষ্ণ-নাম সৰ্ব্ব-ৰসেৰ নিৱাস।
ৰাম কৃষ্ণ ভাবিতে কৃষ্ণৰ পাৱে পাশ ॥ ৫২৩
আপুন নামৰ সঙ্গ নছাড়ন্ত হৰি।
যেই নাম সেই হৰি জনা নিষ্ট কৰি ৷৷ ৫২৪
ৰাম-নাম-সম ধৰ্ম্ম নাহিকে নিগমে।
যিটো সদা বােলে ৰাম কি কৰিব যমে।৷ ৫২৫
হৰি-চৰণত প্রেম মিলিল যাহাৰ ।
আন কোন সম্পত্তি হৰিও ভৈল তাৰ।৷ ৫২৬


৫১৮। নায়োহস্য যাৱতী শক্তিঃ পাপনিৰ্হৰণে হৰেঃ।
 তাৱৎ কৰ্তুং ন শক্নোতি পাতকং পাতকী নৰঃ।

-বৃহবিষ্ণু-পুৰাণ


পা ৫২১ ৷৷-- (নাই)।