এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা
দ্বিতীয় কীৰ্ত্তন
ঘোষা॥
পুণ্ডৰীকাক্ষ কৰা কৃপা
ৰাম কৰা দায়া কমললোচন।
নেড়ো যেন অৰুণ চৰণ॥২
পদ॥ দূৰতে ধৰ্ম্মক পৰিহৰি।
যিটো চিন্তে হৃদি ৰূপ ধৰি॥
নিতান্তে কীৰ্ত্তন মাত্ৰ কৰে।
বৈকুণ্ঠত থাকে সিটো নৰে॥ ১২
অন্যো-অন্যে হৰিকথা গাৱে।
শিহৰে শৰীৰ প্ৰেমভাৱে॥
আনন্দে লোতক পড়ে ঝৰি।
গেৰি পাৰি বোলে ৰাম হৰি॥ ১৩
বৈকুণ্ঠ নগৰী নিৰুপম।
নাহি যাত কালৰ বিক্ৰম॥
তাক পায়া ভকতসকলে।
মজিল আনন্দ-সিন্ধু-জলে॥১৪
বৈকুণ্ঠত কেশৱ সাক্ষাত।
সুতি থাকা ভুজঙ্গ-শয্যাত॥
লক্ষ্মীৰ কোলাত থৈয়া ভৰি।
লক্ষ্মীয়ো ঝান্টন্ত হাতে ধৰি॥. ১৫