পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তনদোষ ! দ্বিতীয় কীৰ্তন ঘোষা। পুৰীকাক্ষ কৰা কৃপা ৰাম কৰা দায়া কমললোচন। নেড়ো যেন অৰুণ চৰণ। পদ দূৰতে ধৰ্মক পৰিহৰি। যিটো চিন্তে হৃদি ৰূপ ধৰি॥ নিতান্তে কীৰ্ত্তন মাত্ৰ কৰে। বৈকুণ্ঠত থাকে সিটো নৰে। ১২ অন্যো-অন্যে হৰিকথা গাৱে। শিহৰে শৰীৰ প্ৰেমভাৱে আনন্দে লোতক পড়ে ঝৰি। গেৰি পাৰি বোলে ৰাম হৰি। ১৩ বৈকুণ্ঠ নগৰী নিৰুপম। নাহি যাত কালৰ বিক্ৰম। তীক পায়া ভকতসকলে। মজিল আনন্দ-সিন্ধু-জলে। ১৪ বৈকুণ্ঠত কেশৱ সাক্ষাত। সুতি থাকা ভুজঙ্গ-শয্যাত। লক্ষীৰ কোলাত থৈয়া ভৰি। লক্ষীয়ো ঝান্টন্ত হাতে ধৰি।. ১৫