পৃষ্ঠা:Kirtan Ghosha.pdf/৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ২3 প্ৰাদ-চৰিত্ৰ মূৰ্তি ধৰি বেদ-শাস্ত্ৰগণ। কৰে বেঢ়ি মহিমাকীৰ্তন। চৈধ্য ভুৱনৰ বন্দ্য স্থান। যাক কৃষ্ণে কৰিছা নিৰ্মাণ॥ ১৬ হেন বৈকুণ্ঠত চাৰি মুনি। ভ্ৰমন্ত কীৰ্ত্তন-ধ্বনি শুনি। কৃষ্ণৰ আৱাস পাইলা পাছে। ৰত্নময় দ্বাৰসৱ আছে। ১৭ লগাই আছে কপাট। ৰত্নে বিৰচিত যত বাট। হেন দ্বাৰচয় চড়াই পাছে। দেখ দোগোটা দ্বাৰী আছে। ১৮ সপ্তম দ্বাৰৰ দুই পাশে। দুইৰ শিৰে কিৰীটি প্ৰকাশে। পদ্ম-নেত্ৰ বদন-মণ্ডলে। শোভে গণ্ড মকৰ-কুণ্ডলে। ১৯ সুন্দৰ নাসিকা অল্প হাস। চাৰু শ্যাম তনু পীতবাস। পা ১৮ দ্বাৰী--দেৱ