এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬০
ঘোষা ৩২৭
নাম-ঘোষা
নাম-মহিমা
কৃষ্ণৰ পৰম নিৰ্ম্মল চৰিত্ৰ
কথাৰ যৈত প্ৰকাশ।
গঙ্গা আদি কৰি যত তীৰ্থ আছে
তৈতেসে কৰে নিৱাস॥ ৩২৭
শ্ৰীৰাম-নাম ভকতজনৰ
মহাধন হীৰা বিত্ত।
সংসাৰ-সাগৰে তাৰ দুৰ্গ পাৰ
শ্ৰীৰাম-নামে নিশ্চিত॥ ৩২৮
শ্ৰীৰাম-নাম মল-অৰণ্যৰ
বাড়ৱ অগনি সম।
শ্ৰীৰাম-নাম মনৰ উৎসৱ
ভদ্ৰতো ভদ্ৰ উত্তম॥ ৩২৯
নাৰায়ণ-নাম নৰ সমস্তৰ
প্ৰসিদ্ধ চৌৰ বিশেষ।
৩২৭॥ তত্ৰৈৱ গঙ্গা যমুনা চ ৱেণী
গোদাৱৰী সিন্ধু সৰস্বতী চ।
সৰ্ৱাণি তীৰ্থানি ৱসন্তি তত্ৰ
যত্ৰাচ্য়ুতোদাৰকথাপ্ৰসঙ্গঃ।
-পাণ্ডৱী-গীতা
৩২৮॥শ্ৰীৰামনাম ভৱসাগৰদুৰ্গপাৰং।
শ্ৰীৰামনাম ভগৱজ্জনহীৰৱিত্তম্॥
৩২৯।শ্ৰীৰামনাম মলকাননচিত্ৰভানুঃ।
শ্ৰীৰামনাম মনস উৎসৱভদ্ৰভদ্ৰম্॥