পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা-৩২৬]
৭৫৯
প্ৰাৰ্থনা


তোহ্মাৰ চৰণ- সেৱাৰ গোৱিন্দ
 নজানো একো উপায়।
যিমতে সেৱাত বহিবো কৰুণা
 কৰিতে হৰি যুৱাই॥ ৩২৩

হে প্ৰাণ-হৰি দান্তে তৃণ ধৰি
 মাগোহা তোহ্মাৰ পাৱে।
মোৰ মন মজি তোহ্মাৰ পাৱত
 ৰহোক হৰি স্বভাৱে॥ ৩২৪

জৰ তাপ পীড়া মৰণ সময়ে
 কৰা হৰি কৃপা মোক।
তযু গুণ-নাম- শ্ৰৱণ স্মৰণ
 বচন-গোচৰ হোক ॥ ৩২৫

গোপিনীৰ ধন ব্ৰজৰ জীৱন
 মোহন ৰাম গোৱিন্দ।
পৰম সাদৰে শিৰে তুলি ধৰো
 তযু পদ-অৰৱিন্দ॥ ৩২৬


 ৩২৫॥অথ কথঞ্চিংঙ্খলনক্ষুপতমজৃন্তনদুৰৱস্থানাদিষু ৱিৱশানাং নঃ শ্মৰপায়
জ্বৰমৰণদশায়ামপি সকলকশ্মলনিৰসনানি তৱ গুণকৃতনামধেয়ানি ৱচনগোচ-
বাণি ভৱন্তু।

ভাগৱত - পুৰাণ, ৫,৩,১২


  পা ৩২৬॥ -(নাই।)