পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৩৩]
৭৬১
নাম-মহিমা


অনেক জন্মৰ সঞ্চিত পাতেক
 শ্ৰৱণে হৰে নিঃশেষ॥ ৩৩০

ৰাম শবদৰ বা পদ ভৈল
 প্ৰচণ্ড বহ্নি-নিশ্চয়।
ম বায়ু সমে অধৰ্ম্ম অৰণ্য
 দহিয়া ভস্ম কৰয়॥ ৩৩১

কুকথা পাষণ্ড সংবাদ বিবাদ
 পৰ্ব্বত আতি নিঠুৰ।
ৰাম-কৃষ্ণ-নাম- বজ্ৰক প্ৰহাৰি
 কৰা তাক মষিমূৰ॥ ৩৩২

অপাৰ আনন্দ- ৰস ৰাম-নাম
 মুখত থাকয় যাব।
মুকুতি-সুখকো থৱে পাশ কৰি
 আন সুখ কোন ছাৰ॥ ৩৩৩


৩১০॥ নাৰায়ণো নাম স মানৱানাং প্ৰসিদ্ধঃ চৌৰঃ কথিতঃ পৃথিৱ্য়াম।
 অনেকজন্মাৰ্জিতপাপসঙ্ঘং হৰতাশেষং স্মৰতাং সদৈৱ॥

পাণ্ডৱী-গীতা


৩৩১॥ আদি ৰামস্য় ৰামস্য় হুতভূক্ হুতভুক্ সখঃ।
 পৰমঃ পৰমো ধৰ্মোহধৰ্মাৰণ্য়ং দহেদলম্।


পা ৩৩৩॥ ধৱে পাশ কৰি-কৰিল অধীন।
 ৰস ৰাম-নাম-ৰাম-কৃষ্ণ-নাম।