এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪২
[ঘোষা ২৪৫
নাম-ঘোষা
শুনিয়ো সজ্জন ভজা নাৰায়ণ
এৰিয়া বিষয়-ৰাগ।
হৰি নুসুমৰে আনসে আচৰে
সেহিসে যমেৰ ভাগ॥ ২৪৫
গোপাল গোৱিন্দ মুকুন্দ শ্ৰীৰাম
জয় সনাতন হৰি।
নিগম-নিগূঢ় হৰিৰ নামক
লৈয়োক যতন কৰি॥ ২৪৬
কৰ কোন কাম বোল ৰাম ৰাম
তেজিয়ো মুখে আলাস।
ভকতৰ সঙ্গে হৰি-গুণ গাই
বৈকুণ্ঠে কৰিয়ো বাস॥ ২৪৭
আন যত ধৰ্ম্ম হৰিৰ নামৰ
ৰেণুকো নোহে সমান।
হেন হৰি-নাম অমৃত-সাগৰে
সন্তোষে কৰিয়ো পান॥ ২৪৮
হৰিক আশ্ৰয় জানিবা নিশ্চয়
সুখৰ মূল কাৰণ।
হৰিত বিমুখ দুখৰ কাৰণ
জানিবা নিষ্ট বচন॥ ২৪৯
বিধিৰ কিঙ্কৰ যতেক সাধন
তাক পাশ কৰি থৈয়ো৷