পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪২
[ঘোষা ২৪৫
নাম-ঘোষা

শুনিয়ো সজ্জন  ভজা নাৰায়ণ
 এৰিয়া বিষয়-ৰাগ।
হৰি নুসুমৰে  আনসে আচৰে
 সেহিসে যমেৰ ভাগ॥ ২৪৫
গোপাল গোৱিন্দ  মুকুন্দ শ্ৰীৰাম
 জয় সনাতন হৰি।
নিগম-নিগূঢ়  হৰিৰ নামক
 লৈয়োক যতন কৰি॥ ২৪৬
কৰ কোন কাম  বোল ৰাম ৰাম
 তেজিয়ো মুখে আলাস।
ভকতৰ সঙ্গে  হৰি-গুণ গাই
 বৈকুণ্ঠে কৰিয়ো বাস॥ ২৪৭
আন যত ধৰ্ম্ম  হৰিৰ নামৰ
 ৰেণুকো নোহে সমান।
হেন হৰি-নাম  অমৃত-সাগৰে
 সন্তোষে কৰিয়ো পান॥ ২৪৮
হৰিক আশ্ৰয়  জানিবা নিশ্চয়
 সুখৰ মূল কাৰণ।
হৰিত বিমুখ  দুখৰ কাৰণ
 জানিবা নিষ্ট বচন॥ ২৪৯
বিধিৰ কিঙ্কৰ  যতেক সাধন
 তাক পাশ কৰি থৈয়ো৷