পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২৫৪]
৭৪৩
উপদেশ

বিধিৰ ঈশ্বৰ  হৰি-নাম-গুণ
 তাহাতে শৰণ লৈয়ো॥ ২৫০
মুকুতসকলো  গাৱে ৰাম-নাম
 ৰসত অধিক জানি।
মৃত্যুৰ মুখত  পৰি ৰাম নাম
 নলৈবেক কোন প্ৰাণী॥ ২৫১
ৰাম-নাম বিনে  মৃত্যু এড়াইবাৰ,
 আৱৰ উপায় নাই।
মৃত্যু তৰিবাৰ  ইছা আছে যাৰ
 ফুৰা হৰিগুণ গাই॥ ২৫২
শাস্ত্ৰ-গুৰু-উপ-  দেশে শিষ্যসৱে
 ঈশ্বৰক নেদেখয়।
বুদ্ধিক সত্ত্বস্থ  কৰিয়া আপুন
 আত্মাক দেখে নিশ্চয়॥ ২৫৩
শাস্ত্ৰ-গুৰু-উপ-  দেশ-ক্ৰম ৰাম
 ব্যৱস্থা-মাত্ৰ-পালন।
কেৱলে শিষ্যৰ  শুধ বুদ্ধি মাত্ৰ
 জ্ঞানৰ হোৱে কাৰণ॥ ২৫৪


২৫৩৷৷ ন শাস্ত্ৰেণাপি গুৰুণা দৃশ্যতে পৰমেশ্বৰঃ।
 দৃশ্যতে চাত্মৈনৈৱাত্মা স্বয়া সত্বস্থয়া ধিয়া।৷

২৫৪। উপদেশক্ৰমো ৰাম ব্যৱস্থামাত্ৰপালনং
 জ্ঞানস্য কাৰণং শুদ্ধা শিষ্যপ্ৰজ্ঞৈৱ কেৱলম্।


পা ২৫২।৷ হৰি-গুণ--ৰাম-নাম