পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২৪৪]
৭৪১
উপদেশ

তেৱেসে চঞ্চল  দুৰাচাৰ মন
 হৈবে আসি একাজানি॥ ২৪০
বোল ৰাম হৰি  গোপাল গোবিন্দ
 মুকুন্দ যদু মুৰাৰি।
নিত্য নিৰঞ্জন  যাৰ এক নামে
 ভৱ তৰিবাক পাৰি॥ ২৪১
ৰাম কৃষ্ণ হৰি  বোল শুন ভাই
 অন্যায় নকৰ মনে।
চৈধ্য সাক্ষী সমে  যমেৰ দেৱান
 দেখিয়োক সৰ্ব্বক্ষণে॥ ২৪২
ভজিয়ো হৰিৰ   চৰণ পঙ্কজে
 তেজিয়ো অন্যত্ৰ কাম।
সমস্তে ধৰ্ম্মৰ  ফল-ৰূপ জানি
 নেৰিবা হৰিৰ নাম॥২৪৩
পিয়ু পিয়ু ভাই  ভাৱকসকল
 হৰি-নাম ৰস-সাৰ।
যাক পায়া মহা-  মহন্তে কৰয়
 মুকুতিকো পৰিহাৰ।৷ ২৪৪


২৪২। চৈধ্য সাক্ষী—

আদিত্যশ্চন্দ্ৰানিলোহনলশ্চ
  দ্যৌৰ্ভূমিৰাপো হৃদয়ং যমশ্চ৷
অহশ্চ ৰাত্ৰিশ্চ উভে চ সখ্যে
  ধৰ্মশ্চ জানাতি নৰস্য বৃত্তম॥


পা ২৪০৷৷ একাজানি-- একজানি।

৪৮