এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ খণ্ড
প্ৰহ্ৰাদ-চৰিত্ৰ
প্ৰথম কীৰ্ত্তন
ঘোষা॥ ৰাম মুৰাৰি প্ৰভু ৰঘুনাথ।
কৃষ্ণক প্ৰণামো দঁৱায়া মাথ॥১॥
পদ॥ বোলন্ত শুকে শুনা পৰীক্ষিত।
ভক্ত প্ৰহ্ৰাদৰ কহো চৰিত্ৰ॥
যুধিষ্ঠিৰ আগে নাৰদে কৈল।
শুনিয়ো প্ৰহ্ৰাদৰ যেন ভৈল॥ ১
ব্ৰহ্মাৰ মানস চাৰি তনয়।
ভ্ৰমন্ত আকাশে আনন্দময়॥
পাঞ্চ-বৰিষীয়া শিশু-সঙ্কাশ।
নাহিকে বস্ত্ৰ সৱে দিগবাস॥ ২
আনন্দে লোকক চাহান্ত ফুৰি।
দিনেক দেখিলা বৈকুণ্ঠ-পুৰী॥
আতি আনন্দিত বিষ্ণুৰ স্থানে।
সৱে চতুভুজ পুৰুষ মানে॥ ৩॥
৫