পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-ঘোষা { খণ্ড ৬ যতেক ৰমণী লক্ষী প্ৰত্যেক। কল্পতৰু সম বৃক্ষ যতেক॥ বৈমানিকগণ পৰম ৰঙ্গে। হাতত তাল নাৰীগণ সঙ্গে। ৪ গান্ত কৃষ্ণৰ গুণ চৰিত। আনন্দতে দ্ৰৱে সৱাৰো চিত্ত। সুগন্ধি বায়ুক কৰে ধিক্কাৰ। সিবেলা মনক মোহে আমাৰ॥ ৫ ভ্ৰমৰৰাজে গাৱে হৰি-গীত। যতেক পক্ষী তাতে দিয়ে চিও। নকৰে আৰাৱ থাকে নিছুকে। কৃষ্ণৰ চৰিত্ৰ শুনে উৎসুকে॥ ৬ চড়ি ৰত্নময় দিব্য বিমানে। যতেক সুন্দৰী পদ্মিনী মানে। হাস-লাস কৰি দশে গাৰ। বৈষ্ণৱজনৰ নুপজে ভাৰ। ৭ হৰিৰ গৃহে মহালক্ষী মাৱে। হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৰে। পা ৪ ভালভান