এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৬
[ঘোষা ২১৬
নাম-ঘোষা
যাহাৰ জিহ্বাত থাকয় সততে,
হৰিৰ নাম মঙ্গল।
সেহিসে মহন্ত তাহাৰেসে মাত্ৰ
সিজয় ধৰ্ম্ম সকল॥ ২১৬
সমন্তে শাস্ত্ৰৰ তত্ত্বক জানিয়া
নেৰয় নাম মূখত।
সিটো মহাজনে অপ্ৰয়াসে তৰে
সংসাৰ-ঘোৰ-দুখত॥ ২১৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই
তেজিয়া লাজ আলাস।
শাস্ত্ৰ আচাৰ্য্যক উপাসা কৰিয়া,
বাসনা কৰা বিনাশ॥ ২১৮.
হৰিৰ কীৰ্ত্তন যিজনে নকৰে
তাত পৰে নাহি দুখী।
হৰি-গুণ-নাম সন্তোষ-অমৃত
পিয়ে যিটো মহা সুখী॥ ২১৯
হৰিসে চৈতন্য আত্মা জ্ঞানময়
আৱৰ সমস্তে জড়।
বেদ বেদান্তৰ সমস্তে শাস্ত্ৰৰ
এহিসে বিচাৰ বৰ॥ ২২০
পা ২১৬৷৷ ধৰ্ম্ম--কৰ্ম্ম৷