পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৬
[ঘোষা ২১৬
নাম-ঘোষা

যাহাৰ জিহ্বাত  থাকয় সততে,
 হৰিৰ নাম মঙ্গল।
সেহিসে মহন্ত  তাহাৰেসে মাত্ৰ
 সিজয় ধৰ্ম্ম সকল॥ ২১৬
সমন্তে শাস্ত্ৰৰ  তত্ত্বক জানিয়া
 নেৰয় নাম মূখত।
সিটো মহাজনে  অপ্ৰয়াসে তৰে
 সংসাৰ-ঘোৰ-দুখত॥ ২১৭
ৰাম কৃষ্ণ ৰাম  কৃষ্ণ বোল ভাই
 তেজিয়া লাজ আলাস।
শাস্ত্ৰ আচাৰ্য্যক  উপাসা কৰিয়া,
 বাসনা কৰা বিনাশ॥ ২১৮.
হৰিৰ কীৰ্ত্তন  যিজনে নকৰে
 তাত পৰে নাহি দুখী।
হৰি-গুণ-নাম  সন্তোষ-অমৃত
 পিয়ে যিটো মহা সুখী॥ ২১৯
হৰিসে চৈতন্য  আত্মা জ্ঞানময়
 আৱৰ সমস্তে জড়।
বেদ বেদান্তৰ  সমস্তে শাস্ত্ৰৰ
 এহিসে বিচাৰ বৰ॥ ২২০


পা ২১৬৷৷ ধৰ্ম্ম--কৰ্ম্ম৷