পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২২৫
৭৩৭
উপদেশ

দেৱৰো দুৰ্ল্লভ  ঈশ্বৰ কৃষ্ণক
 ভকতিসি কৰে বশ্য।
আগম নিগম  গীতা ভাগৱত
 শাস্ত্ৰৰ এহি ৰহস্য৷৷ ২২১
যম কাল মায়া  মৃত্যুৱে বেঢ়িয়া
 আছে বাঘজালি কৰি।
হেনয় জীৱক  কোনে তাৰিবেক
 বিনে কৃপাময় হৰি৷৷ ২২২
পাপ-সাগৰত  তল নিয়াইলেক
 বলে কলি দুৰাচাৰ।
ৰামনাম বিনে  পাপ এৰাইবাৰ
 উপায় নাহিকে আৰ॥ ২২৩
হৰিত শৰণ  লৈয়া যিটোজনে
 সদা ৰাম-নাম গাৱে।
হোক বা সকাম  নিষ্কাম তথাপি
 কলিৰ দোষে নপাৱে৷৷ ২২৪
হৰি-গুণ-নাম-  আনন্দ-সাগৰে
 মজায়ো মন নিপুণ।
সুখে সংসাৰৰ  তাপ এৰাইবাহা
 নছাৰিবা হৰি-গুণ॥ ২২৫


পা ২২২। বাঘজালি--বাঘজৰি
 ২২৩৷ নিয়াইলেক—নিয়ালোক।