এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২১৫]
৭৩৫
উপদেশ
কৃষ্ণকেসে মাত্ৰ ভজে যিটোজনে
অব্যভিচাৰী ভকতি।
তিনি গুণ অতি- ক্ৰমি ব্ৰহ্ম-ৰূপ
পাৱে সিটো মহামতি॥ ২১১
তিনি-গুণময় যত জ্ঞান কৰ্ম্ম
কেৱল বন্ধ-কাৰণ।
জানি তাক তেজি একান্ত ভকতি
ভজিয়ো কৃষ্ণ-চৰণ॥ ২১২
ৰজোগুণ তমো- গুণ যত বৃত্তি
কেৱলে আসুৰী ভাৱ।
শুধ সত্ত্ব বৃত্তি দেৱৰ সম্পত্তি
লৈয়া ভজা কৃষ্ণ-পাৱ॥২১৩
মহন্তৰ সঙ্গে হৰি-কথা-বসে
মনক জিনিয়ো ভাই।
মায়াক তৰিয়া হৰিক পাইবাৰ
উপায় আৱৰ নাই॥২১৪
হৰি-গুণ-নাম- শ্ৰৱণ-কীৰ্ত্তনে
ভজিয়ো হৰি-চৰণ।
মনুষ্য হুইবাৰ এহিমানে মাত্ৰ
জানা নিজ প্ৰয়োজন॥২১৫
২১১। মাঞ্চ যোহৱ্যভিচাৰেণ ভক্তিযোগেন সেৱতে।
স গুণান্ সমতীত্যৈতান্ ব্ৰহ্মভূৱায় কল্পতে॥
-ভগৱদগীতা ১৪,২৬