এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ১৯১]
৭২৯
নমস্কাৰ
ভজন
জয় জয় জয় কৃষ্ণ কৃপাময়
ভজিলো তোহ্মাৰ পাৱে।
তোহ্মাৰ চৰণ- পঙ্কজত মন
মজোক মোৰ স্বভাবে॥ ১৮৮
জয় জয় ৰাম জগত-কাৰণ
জগত-জীৱন স্বামী।
পৰম দেৱতা জানিয়া তোহ্মাৰ
চৰণে ভজিলো আমি॥ ১৮৯
অনাদি অনন্ত হে ভগৱন্ত
ভজো কৰি প্ৰণিপাত।
মুকুতি-ৰসকো তেজি মহাজনে
শৰণ লৱে তোহ্মাত॥ ১৯০
নমস্কাৰ
নমো কৃষ্ণদেৱ পাপী বুলি কেৱ
মোক মোৰ নোবোলয়।
পতিত-পাবন জানিয়া তোহ্মাত
আপুনি গৈলো বিক্ৰয়৷৷ ১৯১
পা ১৯০৷৷ ৰসকো-- সুখকো৷