পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩০
[ঘোষা ১৯৫
নাম-ঘোষা

নমো হৰি-পদ-  পঙ্কজ যুগল
 বিমল সুখ-সাগৰ।
অনাদি অনন্ত  সন্ত সদাশিৱ
 ভগৱন্ত ভৱ-হৰ॥ ১৯২

মোহ মায়া ৰাগ  মদ মল কাম
 দম্ভ দ্বেষ আদি ভাৱ।
যি গুৰুজনত  ইসৱ নথাকে
 প্ৰণামো তাহানে পাৱ॥ ১৯৩

জয় যদুপতি গোপাল গোৱিন্দ
 যাদৱ মাধৱ ৰাম।
ভকতৰ ধন  জীৱৰ জীৱন
 কৰোহো পাৱে প্ৰণাম॥ ১৯৪

নমো নিত্যানন্দ  জগত-কাৰণ
 বাসুদেৱ ভগৱন্ত।
নিত্য শুদ্ধ বুদ্ধ  কাম অনিৰুদ্ধ
 পুৰুষ প্ৰভু অনন্ত॥ ১৯৫


১৯৩৷৷ মোমাৰামমকাদদ্বেহয়াগদলম্ভষাঃ৷
 এতে যত্ৰ ন ৱিদ্যন্তে তং গুৰুং প্ৰণমাম্যহম্ ৷৷
১৯৫। নমো ভগৱতে বাসুদেৱায় ধীমহি।
 প্ৰদ্যুম্নায়ানিৰুদ্ধায় নমঃ সঙ্কৰ্ষণায় চ৷৷


পাঃ ১৯২ ৷৷ ভৱ-হৰ--ভয়হৰ।