পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৬
[ঘোষা ১৭৬
নাম-ঘোষা

ব্ৰহ্ম পৰমাত্মা  কৰিয়া যিহেতু
 ঐশ্বৰ্য্যৰ নাহি অন্ত।
এহি হেতু মহা-  মহন্তসকলে
 বোলে তাঙ্ক ভগবন্ত॥ ১৭৬

নিজ ভক্ত পদে  গৰুড়ক ধ্বজ
 কৰিলা হৰি যিহেতু।
সেহিসে কাৰণে  মহন্তসকলে
 বোলয় গৰুড়-কেতু॥ ১৭৭

কাল মায়া আদি  যাহাৰ নামক
 কৰিতে নপাৰে কুণ্ঠ।
এহিসে কাৰণে  ঈশ্বৰৰ নাম
 প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ॥ ১৭৮

সদানন্দ আত্মা  চৈতন্য অনন্তে
 যিহেতু যোগী ৰময়।
এতেকেসে ৰাম  পদে পৰমব্ৰহ্ম
 ৰূপক বুলি নিশ্চয়॥ ১৭৯


১৭৬॥ ৱদন্তি তৎ তত্বৱিদস্তত্বং যজ্ জ্ঞানমন্বয়ং।
 ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানিতি শব্দ্যতে।

—ভাগৱত পুৰাণ ১,২.১১


পা ১৭৮৷৷ মনক--নামক৷