পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ১৮৩
৭২৭
শৰণ

চৈতন্য স্বৰূপে  যিহেতু সদায়ে
 ৰমাৱন্ত জগতক৷
এতেকেসে ৰাম  সুমধুৰ পদে
 বুলি জানা ঈশ্বৰক॥ ১৮০
জগততে কৰি  আছন্ত নিৱাস
 জগতো তান্তে বসয়।
এতেকেসে তাঙ্ক  বুলি বাসুদেৱ
 নামৰ দিব্য অন্বয়॥ ১৮১

শৰণ

হৰি-পদ-সেৱা  নকৰে নিমিত্তে
 মায়ায়ে বান্ধি ফুৰাৱে।
তাৱত মায়াক  নতৰে হৰিত
 শৰণ নলৱে যাৱে॥ ১৮২
মঞি দুৰাচাৰ  কেৱলে তোহ্মাৰ
 অপৰাধী নাৰায়ণ।
ক্ষমিয়োক হৰি  লৈয়ো দাস কৰি
 পশিলো হেৰা শৰণ॥ ১৮৩


১৮১। সৰ্ৱত্ৰাসৌ সমস্তষ্ণ ৱসত্যত্ৰেতি ৱৈ জগৎ।
 অতহসৌ বাসুদেৱেতি ৱিদ্বদ্ভিঃ পৰিকীৰ্তিতঃ॥


পা ১৮০ ৷৷ চৈতন্য স্বৰূপে--অন্তৰ্য্যামী ৰূপে৷
 ১৮২৷৷ বান্ধি-- বাধি৷ ১৮২৷৷ বসয়--ৰময়৷