এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
[খণ্ড ৫
কীৰ্ত্তন-ঘোষা
যদি অভিলাষ কৰা সৰ্ব্বজন
আপোন মোক্ষ-কাৰণ।
গোৱিন্দ গোৱিন্দ বুলিয়া বেকতে
কৰিয়ো হৰি-কীৰ্ত্তন॥ ৩৬
ইটো হৰি-নামে লোকৰ যতেক
পাতক নিৰ্য্যাণ কৰে।
ততেক পাতক প্ৰবন্ধে কৰিবে
নৱাৰে পাতকী নৰে॥
ব্ৰহ্মচাৰী গৃহ- বাসী বনবাসী
সন্ন্যাসী যতেক যতি।
হৰিৰ কীৰ্ত্তন এড়ি কেহো নৰে
নপাৱে পৰম গতি॥ ৩৭
সূৰ্য্য-গ্ৰহণত এক কোটি ধেনু
ব্ৰাহ্মণক দেয় দান।
প্ৰয়াগ গঙ্গাৰ জলত নিৱাস
কৰে দশ কল্পমান॥
অযুতেক যজ্ঞ কৰে মেৰুসম
সুৱৰ্ণক দেয় দান।
এক শত ভাগো গোৱিন্দ-নামৰ
ৰেণুৰো নুহি সমান॥ ৩৮