এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ঘোষা ৯০]
৭০৫
মহিমা
এক ক্ষণমানে মাত্ৰ কেৱল সাধুৰ সঙ্গে
হোৱে নাৱ ভৰ তৰিবাৰ॥৮৭
হৰি-কীৰ্ত্তনৰ মহা- আনন্দ-সুখক আশে
কতো কতো সৱ মহাজনে।
মুকুতি-সুখকো তেজি মহন্তজনৰ সঙ্গ
খোজে আতি কৃষ্ণৰ চৰণে॥ ৮৮
কিন্তু ইটো মহাধৰ্ম্ম মাধৱৰ জন্ম-কৰ্ম্ম
বেদে যাৰ নজানে মহিমা।
হৰি-নাম-কীৰ্ত্তনত মিলে মোক্ষ আদি যত
কীৰ্ত্তন-সুখৰ নাহি সীমা॥ ৮৯
মধুৰৰো সুমধুৰ হৰিৰ কীৰ্ত্তন-ৰস
মঙ্গলৰো পৰম মঙ্গল।
এতেকেসে মুকুতিকো তেজি হৰি-গুণ গায়া
ফুৰে মহা মহন্তসকল॥ ৯০
৮৭॥ ইচ্ছসি চেত্ত্বং ভৱভয়ভঙ্গং কুৰু সততং সৎসাথোঃ সঙ্গং।
ক্ষণৰপি সজ্জনসঙ্গতিৰেকা ভৱতি ভৱাৰ্ণৱতৰণে নৌকা॥
মোহ-মুদ্গৰ (ভক্তি-ৰত্নাকৰ)
৮৮॥ ত্বৎকথামৃতপাথোধৌ বিহৰন্তো মহামুদঃ।
কুৰ্ৱন্তি কৃত্তিনঃ কেচিচ্চতুৰ্ৱৰ্গং তৃমোপনম॥
- শ্ৰীধৰস্বামী, ভাগৱত-ভাৱাৰ্থ-দীপিকা, ১০,৮৯,২৯
পা ৮৯॥ কিন্তু ইটো-কীৰ্ত্তনতো।