পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০৪
ঘোষা ৮৪
নাম-ঘোষা


হে কৃষ্ণ তুমি মাত্ৰ  চৈতন্য-স্বৰূপ নিত্য
 সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো  তোহ্মাৰ বিনোদ ৰূপ
 চৰাচৰ মায়াৰ কল্পিত॥ ৮৪

তযু গুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ
 আৱৰ সমস্তে গুণময়।
এতেক জানিয়া হৰি  তোহ্মাৰ নামক মাত্ৰ
 কৰিলোহো সাৰ কৃপাময়॥ ৮৫

মহিমা


কৃষ্ণ-পাদ-পঙ্কজৰ সেৱাৰ মহিমা-কথা
 শুনি বড় আনন্দ মিলয়।
যাৰ ভকতৰ সঙ্গে সৰ্ব্ব-পুৰুষাৰ্থ-শিৰে
 চড়ি আতি কৌতুক কৰয়॥ ৮৬

যদি ভৱ-ভয়-ভঙ্গ মনে ইচ্ছা কৰ ভাই
 সদা সাধু-সঙ্গ কৰা সাৰ।


৮৪॥ কৃষ্ণ ত্ত্বমেৱ চিভ্ৰপো নিত্যাহখণ্ডিতবোধৱান্।
 ত্বদস্য়দখিলং ৱিশ্বং মায়াকল্পিতমেৱ হি॥


পা ৮৪॥ বিমোদ-বিনোন্দ।  ৮৫॥ চড়ি-চণ্ডি।