এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০২
[ ঘোষা ৭৮
নাম-ঘোষা
বসুদেৱ-সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস-চাণুৰাদি-বিমৰ্দ্দন।
দৈৱকী-হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
তযু পাৱে কৰোহো বন্দন॥ ৭৮
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপ-হাৰী।
ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি॥ ৭৯
সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মই মহামূঢ়জন।
‘আমি প্ৰভু তযু দাস আকে মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন॥ ৮০
ধৰ্ম্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্তি নোহয়।
৭৮। ৱসুদেৱসুতং কৃষ্ণং কংসচাপুৰমৰ্দনং
দেৱকীহৃদয়ানন্দং, কৃষ্ণং ৱন্দে জগদগুৰুম্॥
-গীতা-মাহাত্ম্য ().
৭৯॥ মৎসমঃ পাতকী নাস্তি ত্বৎসমো নান্তি পাপহা।
ইতি ৱিজ্ঞায় গোৱিন্দ যথাযোগ্যং তথা কুষ্ণ॥
৮০॥ অপৰাধসহশ্ৰাণি কিয়ন্তেহহৰ্নিশঃ ময়া।
দাসোহয়মিতি মাং মত্বা ক্ষনস্ব মধুসুধন॥