এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ঘোষা ৭৭]
৭১
প্ৰাৰ্থনা
অপৰাধ-বিনাশন তযু নাম নাৰায়ণ
জানি নামে পশিলো শৰণে
আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দায়াশীল হৰি
মোক ৰক্ষা কৰিয়ো চৰণে॥ ৭৫
হে কৃষ্ণ হে বাসুদেৱ দৈৱকী-নন্দন হৰি
নামো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰীগোৱিন্দ তবু পদ-অৰৱিন্দ
কৰো মই লক্ষ নমস্কাৰ॥ ৭৬
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্ম-মালা-ধাৰী।
নমো পদ্ম-সম-নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়-শাৰী॥ ৭৭
৭৬। কৃষ্ণায় ৱাসুদেৱায় দেৱকীনন্কাদনায় চ।
নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ॥
-ভাগৱত-পুৰাণ,১,৮,২১
৭৭॥ নমঃ পঙ্কজনাভাৱ নমঃ পঙ্কজমালিনে।
নমঃ পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে॥
ভাগৱত-পুৰাণ, ১,৮,২১
পা ৭৬-৮২।-(১৩৯ ঘোষাৰ পিছত ৬০-৬১ -ঘোষা,তাৰ পিছতহে এই কেইটি ঘোষা।)