এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০০
[ ঘোষা ৭১
নাম-ঘোষা
তোহ্মাত বিমুখ হৰি হৈবাৰ দেখিয়া মায়া
মোৰ মতি কৰিলে মোহিত।
এৱে হৰি তযু পদে সেৱাতে যিমতে ৰহো
হেন কৃপা কৰিতে উচিত॥ ৭১
নমো নমো নাৰায়ণ প্ৰসন্ন হুয়োক হৰি
কৰিয়োক মায়াক নিৰ্য্য়াণ।
আপুনাৰ মহিমাক আপুনি বেকত কৰি
জীৱক কৰিয়ো পৰিত্ৰাণ॥ ৭২
তোহ্মাৰ মায়ায়ে হৰি কপট গুণক ধৰি
মুহিয়াছে আহ্মাক সমূলি।
গুচায়োক মায়া স্বামী তোহ্মাৰ চৰণে আমি
ভজিলোহো জয় জয় বুলি॥ ৭৩
মঞি অনাথক দায়া কৰহু পৰমানন্দ
দাস বুলি ধৰিয়ো মনত
থৈয়ো নিজ ভৃত্যৰ সঙ্গত।
আঙ্গুলি মুখত কৰো দান্তে তৃণ তুলি ধৰো
কেশ ছিণ্ডি দেঞো চৰণত॥ ৭৪
৭৩॥ জয় জয়াজিত জঙ্গগজঙ্গমাকৃতিমজামুপনীতমুষাগুণাম।
ন হি ভৱন্তমৃতে প্ৰতৱন্ত্যমী নিগমণীতগুণাৰ্ণৱতা তৱ॥
-শ্ৰীধৰগামী, ভাগৱত-ভাৱাৰ্থ-দীপিকা,১০,৮৭,১০