এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
[খণ্ড ৫
কীৰ্ত্তন-ঘোষা
চতুৰ্থ কীৰ্ত্তন
ঘোষা॥ জয় নিৰঞ্জন পাতক-ভঞ্জন
মাধৱ মুকুন্দ ৰাম॥ ৪
পদ॥ পৰম মঙ্গল হৰি-নাম-ধৰ্ম্ম
যাহাৰ থাকে বাক্যত।
তাৰ তেতিক্ষণে ভস্ম হুয়া যায়
মহাপাপ কোটি শত॥
তাৱদেকে মহা পাতক-হস্তীৰ
থাকে মহাগৰ্ব্ব-মদ।
যাৰে ৰাম-নাম প্ৰমত্ত-সিংহৰ
নুশুনে ধ্বনি শব্দ॥ ৩২
ৰাম হেন ইটো দুইগুটি অক্ষৰ
সদায়ে আদৰে গাৱে।
সংসাৰ-সাগৰ তৰি সিটো নৰে
দুৰ্ল্লভ মোক্ষক পাৱে॥
হুইবে মল-মতি লোকৰ নিছয়
গুচিবে সৱে আচাৰ।
কলি-যুগে আৰ অন্যত্ৰ ধৰ্ম্মত।
কাৰো নাহি অধিকাৰ॥ ৩৩