পৃষ্ঠা:Kirtan Ghosha.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
[খণ্ড ৫
কীৰ্ত্তন-ঘোষা


চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ জয় নিৰঞ্জন পাতক-ভঞ্জন
 মাধৱ মুকুন্দ ৰাম॥ ৪


পদ॥ পৰম মঙ্গল হৰি-নাম-ধৰ্ম্ম
 যাহাৰ থাকে বাক্যত।
 তাৰ তেতিক্ষণে ভস্ম হুয়া যায়
 মহাপাপ কোটি শত॥
 তাৱদেকে মহা পাতক-হস্তীৰ
 থাকে মহাগৰ্ব্ব-মদ।
 যাৰে ৰাম-নাম প্ৰমত্ত-সিংহৰ
 নুশুনে ধ্বনি শব্দ॥ ৩২

 ৰাম হেন ইটো  দুইগুটি অক্ষৰ
 সদায়ে আদৰে গাৱে।
 সংসাৰ-সাগৰ তৰি সিটো নৰে
 দুৰ্ল্লভ মোক্ষক পাৱে॥
 হুইবে মল-মতি লোকৰ নিছয়
 গুচিবে সৱে আচাৰ।
 কলি-যুগে আৰ অন্যত্ৰ ধৰ্ম্মত।
 কাৰো নাহি অধিকাৰ॥ ৩৩