পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
[খণ্ড ৫
কীৰ্ত্তনঘোষা


শুক নিগদতি শুনা কুৰুপতি
 কহিলো পৰম সাৰ।
হৰি-নাম বিনা পাপ-সাগৰত
 কাহাৰো নাহি নিস্তাৰ॥ ২৭
মহাযোগীজনো ব্ৰহ্ম চিন্তে যদি
 হৰিৰ নাম নলৱে।
সিও ভ্ৰষ্ট হুয়া সংসাৰত পড়ে
 চাৰি বেদে হেন কৱে॥
ধৰ্ম্ম অৰ্থ কাম যিটো অভিলাষে
 যি চাৱে মোক্ষৰ পথ।
সিও হৰি-নাম কীৰ্ত্তন কৰিসি
 পাৰে সৱ মনোৰথ॥ ২৮
নামৰ মহিমা নজানি ঋষিয়ে
 আন প্ৰায়চিত্ত বিহে।
মৃত্যু-সঞ্জীৱনী  নজানিয়া বৈদ্যে
 আন ঔষধক দিয়ে॥
জগতৰে মোক্ষ হৈবেক বুলিয়া
 জানিয়া ইটো নকৱে।


পা ২৯॥ বিহে-বিয়ৈ