এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৫৫
অজামিলোপাখ্যান
তৃতীয় কীৰ্ত্তন
ঘোষা ॥ হৰি বোল হৰি বোল আহে লোকাই
হৰি বিনে নাই গতি॥ ৩
পদ॥ হৰিৰ চৰণ চিন্তিয়া বেড়াৱে,
হৰি-নাম লৱে ডাকি।
সিদ্ধ মুনিগণে তাৰ যশ গাৱে
প্ৰশংসে স্বৰ্গত থাকি॥
মাধৱৰ আসি কৌমুদকী গদা
ৰক্ষা কৰি ফুৰে তাক।
তাহাৰ ওচৰ নচাপিবি কেহো
দূতগণ মোৰ হাক॥ ২১
বৈষ্ণৱক দেখি অন্তৰি পলাইবি
ভয়ে চপৰাইবি মুণ্ড।
নুহি মাধৱৰ গদাৰ কোবত
হইবেক হাড় খুখুণ্ড॥
কীৰ্ত্তনৰ ধ্বনি যিথানত শুনি
তাৰ নচাপিবি পাশ।
পা ঘোষা ৩ ॥ নাই গতি-বান্ধৱ নাই
পদ ২২॥ অন্তৰি—আন্তৰি