এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৬৪১
ঘুনুচা-কীৰ্ত্তন
শুনিয়া কৃষ্ণে চপড়াইলা মাথ।
মাতিবে লৈলা প্ৰভু জগন্নাথ॥ ৭০
মাধৱে বোলে পৰিচাক বড়।
লক্ষ্মীৰ পাশক যাহা সত্বৰ॥
আমাৰ বচনে যাউক বজাই।
কিসক লক্ষ্মী আসে কোপে ধাই॥ ৭১
সমস্ত বস্তু থৈয়া আইলো ঘৰে।
আসিয়া আছো ঐক একলশ্বৰে॥
লুড়ি ছিন্ন কৰে কিয় নগৰ।
কালি প্ৰাতে মই যাইবো ঘৰ॥ ৭২
মোহোক চাহি কোপ পৰিহৰি।
দৌলক লাগি লক্ষ্মী যাউক বাহুৰি॥
শুনিয়া পৰিচা গৈল বজাই।
লক্ষ্মীৰ আগত মাতে বিনাই॥
শুনিয়ো সৱে জগন্নাথ-লীলা।
ৰাম কৃষ্ণ বুলি বৈকুণ্ঠে চলা॥ ৭৩