এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪২
[পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা
পঞ্চম কীৰ্ত্তন
ঘোষা॥ জয় জগন্নাথ পশিলো শৰণ
ৰজা পাৱে দিয়া ঠাই।
আউৰ যেন সংসাৰ-সাগৰে
নহৌক জন্ম দুনাই॥ ৫
পদ॥ পৰিচায়ে গুনি পাছে কৃষ্ণৰ বচন।
লক্ষ্মীক ভেটিবে গৈলা পৰিচা তেখণ॥
দধি দুগ্ধ পঞ্চামৃত বিবিধ আপাৰ।
লৱনু শৰ্কৰা চিনি লৈ যান্ত সম্ভাৰ॥ ৭৪
আথে-বেথে পৰিচায়ে দুৱাৰক যাই।
লক্ষ্মীক প্ৰণাম কৰি দুনাই দুনাই॥
অৱনত-ভাৱ হুয়া পুটাঞ্জলি ধৰি।
লক্ষ্মীক মাতিবে লৈলা ধীৰে ধীৰে কৰি॥ ৭৫
নমো লক্ষ্মী মাৱ তুমি হুয়োক সদয়।
তুমি সমস্তৰে আদি প্ৰকৃতি নিশ্চয়॥
তোমাৰেসে সত্ব ৰজ তম তিনি গুণ।
তুমি জগতৰে সৃষ্টি স্থিতিত নিপুণ॥ ৭৬
তোমাতেসে সমস্তে জগতে হোৱে লয়।
তোমাৰেসে ইটো যত স্ৰজন নিশ্চয়॥
তুমিসে ঈশ্বৰী আসি আছা অৱতৰি।
বিষ্ণুক আশ্ৰয়ি আছা মহা ৰঙ্গ কৰি॥ ৭৭
পা ৭৬॥ স্থিতিত নিপুণ - স্থিতিৰ কাৰণ॥
ইটো•••••নিশ্চয় ॥ মূৰ্ত্তি যত প্ৰকৃতি নিচয়॥