এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
[খণ্ড ৫
কীৰ্ত্তন-ঘোষা
ব্ৰহ্মা হৰ মনু কপিল কুমাৰ
শুক ভীষ্ম বলিৰায়॥
প্ৰহ্ৰাদ নাৰদ জনক আমিসি
বাহ্ৰজন সমুদায়॥ ১৮
পৰম গুপুত হৰি-নাম-ধৰ্ম্ম
জানি আছো শুদ্ধভাৱে।
যাক আচৰিলে থাৱতে বসিয়া
দুৰ্ল্লভ মুকুতি পাৱে॥
হৰিত ভকতি কৰে সৰ্ব্বদায়
কৰিয়া কীৰ্ত্তন-কৰ্ম্ম।
মনুষ্য-লোকত এহিমানে মাত্ৰ
পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম॥ ১৯
হৰি-নাম-ধৰ্ম্ম স্মৰণ-মহিমা
দেখিয়ো দূত সম্প্ৰতি।
পাপী অজামিলে নাৰায়ণ বুলি
পাইলে কেন সদগতি॥
হেন বিমৰিষি যিটো জ্ঞানীগণে
ফুৰে হৰি-নাম গায়।
কুল উদ্ধাৰিল আপুনো তৰিল
এড়াইল আমাৰ দায়॥ ২০