চলি যান্তে জগন্নাথ হৰষিত মন।
উৎসৱে চলন্ত প্ৰজা কৰিয়া কীৰ্ত্তন॥
এহিমতে চলে ৰঙ্গে প্ৰভু নাৰায়ণ।
ঘুনুচাৰ বাৰী পাইলা গৈয়া কতোক্ষণ॥ ৩৯
যত প্ৰজা গৈয়া আছে কৃষ্ণৰ লগত।
সৱাকো নিয়মি প্ৰভু থৈলা নগৰত॥
ৰথে সমে পৰিচাক লৈয়া অনন্তৰে।
পশিলন্ত জগন্নাথ দৌলৰ ভিতৰে॥ ৪০
পাছে ঘুনুচাৰ পাণ্ডা পৰিচাসকলে।
কৃষ্ণক কৰিলা পূজা আতি কৌতুহলে॥
ধূপ দীপ উপহাৰ নৈৱেদ্য বহুতৰ।
ভোজনৰ বস্তু যত দিলন্ত সত্বৰ॥
অনন্তৰে কৃষ্ণক পঞ্চাশ ভোগ দিলা।
দধি দুগ্ধ পিঠা পৰমান্ন বিভঞ্জিলা॥
ভোজনৰ অন্তে শয্যা দিলন্ত বিছাই।
আনন্দে থাকিল প্ৰভু ঘুনুচাৰ ঠাই॥ ৪২
পৰিচাৰ পাণ্ডাসৱে গৈল ঘৰে ঘৰে।
থাকিলন্ত জগন্নাথ দৌলৰ ভিতৰে॥
ঘুনুচাৰ সঙ্গে ৰঙ্গে প্ৰভু দেৱ হৰি।
থাকিল অনঙ্গ-ৰসে কৌতুকে মুৰাৰি॥ ৪৩
এহিমতে মহাৰঙ্গে প্ৰভু দেৱ হৰি।
সাত দিন বঞ্চিলন্ত ঘুনুচাৰ বাড়ী॥
শুনিয়োক সাৱধান হুয়া সৰ্ব্বজন।
মহা মহোৎসৱ কৃষ্ণযাত্ৰাৰ কীৰ্ত্তন॥ ৪৪
পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৬৩৩
ঘুনুচা-কীৰ্ত্তন