পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৪
[ পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


জগন্নাথ-পুৰাণৰ ইটো কথা সাৰ।
পদ-বন্ধে নিবন্ধিলো কৰিয়া প্ৰচাৰ॥
কৃষ্ণসে পৰম বন্ধু জানিবা সতত।
কৃষ্ণৰ চৰণ পদ্ম চিন্তিয়ো মনত॥ ৪৫
তেৱেসে তৰিবা সুখে সংসাৰ-সাগৰে।
কলি যুগে নাহি গতি কীৰ্ত্তনত পৰে॥
শ্ৰীধৰ কন্দলি কহে এহি মূল কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ৪৬


তৃতীয় কীৰ্ত্তন

ঘোষা॥ জয় হৰি জগন্নাথ চৰণত শৰণ তোমাৰ।
 যেন হওঁ সংসাৰত পাৰ॥ ৩


পদ॥এহিমতে ৰঙ্গে-ঢঙ্গে ঘুনুচা নাৰীৰ সঙ্গে
 আনন্দে আছন্ত যদুৰায়।
 ছয় দিন বহি গৈল  ৰজনী প্ৰভাত ভৈল
 নাসিলন্ত যাদৱ দুনাই॥
 হেন দেখি লক্ষ্মী মাৱ  মনে কৰি ক্ৰোধ-ভাৱ
 আদেশিলা পৰিচাসৱক।.
 সাজিয়ো শকটথান  কালি পুহা বিদ্যমান
 যাইবো মই কৃষ্ণৰ পাশক॥ ৪৭
 যাইবো যাদৱাৰ পাশে  আউৰ ঐক আসে নাসে
 আষাৰেক মই পুছি চাওঁ।